XtGem Forum catalog
মোৰ অনুভৱ

এডাল গছ
========

এডাল গছ
ছাঁ দিয়ে
ৰ'দে বৰষুণে ছাতি হয়
এটা স্থিৰ ছাতি

এডাল গছ
সাক্ষীহৈ ৰ'য় অনেক যন্ত্ৰণাৰ
অথচ মুখ খুলি কাকো একো ক'ব নোৱাৰে
এনে কি আত্মহত্যাও কৰিব নোৱাৰে

এডাল গছ
তেওঁৰ বুকুত
হাজাৰটা যন্ত্ৰণাৰ
তামসিক এন্ধাৰ

আপুনি যদি সেই গছ হ'লহেঁতেন
দাঁতিত থিয়দি
দুপৰ নিশা !

(০৩/১১/১৩)

ණ কন্দর্পজিৎ কল্লোল

(মায়া, জানুৱাৰী ২০১৪ সংখ্যাত প্ৰকাশিত)
-----------------------------

মই এটা ঘৰ সাজিম
কোনো দুৱাৰ নাথাকিব
কোনো খিৰিকী নাথাকিব
নাথাকিব কোনো সুৰুঙা
তাতে কেবল এন্ধাৰবিলাক সংৰক্ষণ কৰি ৰাখিম !

(১৮/১১/১৩)

ණ কন্দর্পজিৎ কল্লোল
-----------------------------

লৰব্ৰালগ্ৰাড
= = = = = = =

হেকিনাঃ ডিগুল
বুজা নুবুজা এটা সপোনলৈ তোমাৰ চহৰত

টল্‌গো ফনেক
আক্ৰমণ কৰা
আক্ৰমণ কৰা

সৰু মানুহৰো ডাঙৰ সপোন থাকে !

লাংগ্লো ডিহুল ছান
হৃদয় আছে বাবেই আমি মানুহ

হার্গ,
আমি আছোঁ ডাঙৰীয়া
হেকিনাঃ ডিগুল
বৰাখ্ মিভোলাঃ
হেকিনাঃ ডিগুল

পেপলং চেলান
আমি মায়াত বন্দী

লুমচ্ কেলমিন পেছো দেচ্‌মাৰ লন ইম্পচো
ভয় আঁতৰাই আগুৱাই আহা

কুইনবাচ ফ্লেচট্ৰিনৰ বিপক্ষে ৰাজদ্ৰোহৰ অভিযোগত এজন অপৰাধী হ'লোঁ
সপোনবোৰ ভাঙিল

সপোন ভাঙিলে
আমি হৈ উঠো গ্ৰিলড্ৰিগ

গ্লামডেলক্লিচ্
আজিও তোমাক ভালপাওঁ মই

লৰব্ৰালগ্ৰাডত সপোন এটা বুকুত লৈ
সেই সপোনবিলাকে কেতিয়াবা হৈ উঠে
ৰেলপাম স্কেলকেথ

(২৫/১১/১৩)

ණ কন্দর্পজিৎ কল্লোল
-----------------------------

অকবিতা
=======

কেতিয়াবা হালধীয়া হওঁ
কেতিয়াবা সেউজীয়া
কেতিয়াবা হৈ উঠোঁ নীলা

ৰং সলাওঁ

মই ৰং সলাওঁ
নে সময়ে সলনি কৰি দিয়ে জীৱনৰ ৰং !

(২৬/১১/১৩)

ණ কন্দর্পজিৎ কল্লোল
-----------------------------

কবিতাৰ অপমৃত্যু
=============

জুইত জাহ যোৱা কবিতাবোৰৰ বাবেই
মাজে মাজে মই
গোটেই ৰাতি শুব নোৱাৰোঁ

শুব নোৱাৰোঁ
মেনহলত পৰি থকা কবিতাবোৰৰ বাবে

ডাষ্টবিনত পচি যোৱা কবিতাবোৰেও আজি
হাত বাউলি মাতে

ধোঁৱাৰ গন্ধ আজিও নাকত লাগি আছে
কবিতাৰ শ্মশানত
পুৰি ছাই হোৱা
মোৰ বুকুৰ ধোঁৱা

মেনহল আৰু ডাষ্টবিনৰ পৰা নির্গত দুর্গন্ধও আজি
নাকত লাগি আছে
যত পচি গৈছিল
মোৰ সপোনৰ হাজাৰটা নিশা !

(২৭/১১/১৩)

ණ কন্দর্পজিৎ কল্লোল
-----------------------------